Women Librarians' Association of Assam

Women are said to be instruments of power. The assembled women's force can accomplish anything they want. And the women involved in the library and information science profession in Assam came forward to harness this energy successfully. Following the mantra 'Ekotai Param Bal', an organization was born with the main objective of doing something for social cause, for the welfare of women and children' inside and outside of librarianship and to promote library services in the society.

There was a Refresher course going on Library and Information Science in the UGC-HRDC Centre of Gauhati University and the last day of the course was November, 23, 2019.  The idea of an association which will nurture the LIS profession and society was emerged as the result of deliberations took place among the four working women LIS professionals in the Refresher Course (held during November 11-24, 2019 in HRDC, Gauhati University) respectively Dr. Babita Kalita, Jaya Medhi, Manjushree Devi and Dr. Kankana Baishya. Perhaps that was a long carried dream of them, but on that special day in an educational environment of Gauhati University campus, in the temple of education the seed of the dream were planted. Subsequently a what's app group was created by Dr. Kankana Baishya, Assistant Librarian, National Law University and Judicial Academy, Assam for all Women Librarians in Assam on November 23, 2019 and made an appeal to them to meet formally on December 28, 2019 at 11.30 am at the National Law University and Judicial Academy, Assam, Amingaon. Accordingly, 17 members met on that day and the Women Librarians' Association of Assam (WLAA) came into force with those members as Executives of WLAAIn the Executive Committee Meeting held on 29/02/2020, Women Librarians’ Association of Assam (WLAA) with Dr. Jyotika Devi as President and Dr. Kankana Baishya, as General Secretary, is accepted as a division of the Assam Library Association and is entitled to all benefits and privileges pertaining thereto. Kindly find herewith the relevant rules and regulations from the Constitution of Assam Library Association.


So, in a nutshell, the mental urge to come together and to do something for the society is the result of the 'Women Librarians' Association of Assam' or WLAA.


Further, WLAA requested Dr. Badan Barman, then General Secretary of Assam Library Association (ALA) for the affiliation under the prestigious association and incurred approval as a Division of ALA on March 4, 2020.


জন্মকথা:

    দিনটো আছিল ২৩ নৱেম্বৰ ২০১৯। স্থান আছিল UGC-HRD চেণ্টাৰ, গুৱাহাটী বিশ্ববিদ্যালয়। এটা সংস্থা বা গোট সৃষ্টি হ'বলৈ যি চিন্তা-চৰ্চাৰ প্ৰয়োজন তাৰ উকমুকনি মূলতঃ সেইদিনটোতেই ঘটিছিল। সেইসময়ছোৱাত তাত Subject Refresher Course (SRC) চলি আছিল আৰু সেইদিনা আছিল তাৰ অন্তিম দিন। অসমৰ বেলেগ বেলেগ ঠাইত কৰ্মৰত কিন্তু একে পেছাত জড়িত কেইগৰাকীমান উৎসাহী, সক্ৰিয় আৰু কৰ্মঠ মহিলাৰ মনলৈ আহিল সমাজৰ হকে, নাৰীসকলৰ বাবে কিবা এটা কৰাৰ চিন্তা। হয়তো বহু আগৰেপৰা এনে এটা চিন্তা তেওঁলোকে মনত কঢ়িয়াই লৈ ফুৰিছিল। কিন্তু সেই বিশেষ দিনটোত এক শৈক্ষিক পৰিবেশত ই মুকলি হ'ল আৰু এটা সঠিক দিশ পাবলৈ সক্ষম হ'ল। শিক্ষাৰ মন্দিৰ স্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ দৰে এক শুভ স্থানত, এক শুভ ক্ষণত, এক শুভ চিন্তাৰ বীজ ৰোপণ হ’ল আৰু তাৰ ফল স্বৰূপে ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ৰ সহ গ্ৰন্থ গাৰিকা ড কংকনা বৈশ্যই what's app গোটৰ সহায়ত অসমৰ সমূহ মহিলা গ্ৰন্থ গাৰিকাক একত্ৰিত কৰি এই যাত্ৰা আৰম্ভ কৰে।

    নাৰীক শক্তিৰ আহিলা বুলি কোৱা হয়। সমবেত নাৰীশক্তিয়ে ইচ্ছা কৰিলে যিকোনো কাম সমাধা কৰিব পাৰে। আৰু এই শক্তিকে সফল ৰূপত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিল অসমৰ গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞান বৃত্তিৰ লগত জড়িত নাৰীসমাজ। ‘একতাই পৰম বল’ মন্ত্ৰক সাৰোগত কৰি জন্ম লাভ কৰিলে এটি সংস্থা যাৰ মূল লক্ষ্য হৈছে ‘নাৰী আৰু শিশু কল্যাণ সাধন’। ইয়াৰ সমান্তৰালকৈ ‘গ্ৰন্থ, গ্ৰন্থ অধ্যয়ন আৰু ইয়াৰ যোগেদি শিক্ষা আহৰণ’ৰ ওপৰতো সমানেই গুৰুত্ব আৰোপ কৰিব এই সংস্থাই। 

    

গতিকে, এককথাত ক'বলৈ গ'লে একগোট হৈ সমাজৰ হকে কিবা এটা কৰাৰ যি এক মানসিক তাড়না তাৰ ফলশ্ৰুতিতেই আপোনালোকৰ মাজলৈ আহিল - ‘ৱ'মেন লাইব্ৰেৰীয়ানছ্ এছ'চিয়েচন অব আসাম (Women Librarians' Association of Assam)’ চমুকৈ WLAA।  


প্ৰথম সাধাৰণ সভা:

    ইংৰাজী ২৮/১২/২০১৯ তাৰিখ শনিবাৰে ‘ৱ'মেন লাইব্ৰেৰীয়ানছ্ এছ'চিয়েচন অব আসাম' (Women Librarians' Association of Assam)’ চমুকৈ WLAAৰ প্ৰথম সাধাৰণ সভাখন আনুষ্ঠানিকভাৱে সম্পন্ন হৈ যায়। আমিনগাঁওস্থিত National Law University and Judicial Academy (NLUJA), Assamৰ ছেমিনাৰ হলত দিনৰ ১১ বজাত এক ঘৰুৱা পৰিবেশত আৰম্ভ হোৱা সভাখন দুপৰীয়া আহাৰৰ অন্তত আবেলি প্ৰায় ৩.৩০ বজাত সমাপ্ত হয়। কোকৰাঝাৰ, গোৱালপাৰা, তামোলপুৰ আদি দূৰণিবটীয়া ঠাইৰপৰা আগমন ঘটা প্ৰতিনিধিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধিত অৰিহণা যোগায়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সৰ্বসন্মতিৰূপে গ্ৰহণ কৰা হয়।

    অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° জ্যোতিকা দেৱীৰ পৌৰহিত্যত সভাৰ কাৰ্যসূচীসমূহ সফলভাৱে আগবাঢ়ে। পোনপ্ৰথমেই WLAAৰ লক্ষ্য বা সমাজলৈ ইয়াৰ অৱদান হিচাপে মূলতঃ তিনিটা বিস্তাৰিত দিশৰ ওপৰত গুৰুত্ব দিবলৈ ই অংগীকাৰবদ্ধ হয়। সেইকেইটা হৈছে - শিক্ষাৰ যোগেদি পঠন অভ্যাস গঢ়া; নাৰী আৰু শিশু কল্যাণ আৰু কলা-সংস্কৃতিৰ বিকাশ। সভাত ড° লতিকা দেৱী,  গ্ৰন্থাগাৰিক, পূব-বৰিগোগ মহাবিদ্যালয় আৰু জয়া মেধি, গ্ৰন্থাগাৰিক, বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়, ধিৰু বৰ্মন, গ্ৰন্থাগাৰিক, বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়, কৃষ্ণাঞ্জলী ভট্টাচাৰ্য, ফুলষ্মিতা নাথ আদিয়ে ‘পঠন অভ্যাস’ গঢ়ি তোলাৰ বিষয়ে নিজ নিজ অভিজ্ঞতা ব্যক্ত কৰি ঐক্যমতত উপনীত হয় যে এইক্ষেত্ৰত ব্যক্তিগত প্ৰচেষ্টাতকৈ সংঘবদ্ধ প্ৰচেষ্টা অধিক ফলপ্ৰসূ।

    লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ঐক্যমতত উপনীত হোৱাৰ পিছত সংস্থাৰ কাম-কাজৰ ওপৰত এক গভীৰ আৰু বিশদ আলোচনা চলে।  সৰ্বপ্ৰথম কাৰ্যসূচী হিচাপে শিশুসকলৰ মাজত ‘গ্ৰন্থ অধ্যয়নৰ উপকাৰিতা’ সম্পৰ্কত এলানি সজাগতামূলক কাৰ্যসূচী আয়োজনৰ ওপৰত চৰ্চাই আগস্থান পায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰাথমিক বিদ্যালয়, গ্ৰাম্য পুথিভঁৰাল, অনাথ আশ্ৰম আদিক সামৰি এই অভিযান আগবাঢ়ি যাব আৰু ই একেৰাহে চলি থাকিব। সংস্থাৰ ২০২০ বৰ্ষৰ প্ৰথম কাম হিচাপে ‘গ্ৰন্থ অধ্যয়ন আৰু পঠন অভ্যাস গঢ়ি তোলা’ৰ ওপৰত সকলো সদস্যই একমুখে গুৰুত্ব আৰোপ কৰা দেখা যায়। সেই উদ্দেশ্যে বছৰৰ প্ৰথম মাহতে গুৱাহাটীস্থ এখন অনাথ আশ্ৰমত কিছু কিতাপ বৰঙণি হিচাপে প্ৰদানৰ জৰিয়তে উক্ত কামটোৰ শুভ আৰম্ভণি কৰা হওক বুলি সভাত সকলোৱে চূড়ান্ত মত পোষণ কৰে। তাৰ বাবে ইতিমধ্যে এটা নিৰ্দ্দিষ্ট দিন ধাৰ্য কৰা হৈছে।

    সংস্থাৰ নাম আৰু সংবিধান বিষয়ক কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনাও উক্ত সভাত কৰা হয় আৰু সেই মৰ্মে প্ৰয়োজনীয় সিদ্ধান্ত সৰ্বসন্মতিৰূপে গ্ৰহণ কৰা হয়। ইয়াৰ নামৰ ক্ষেত্ৰত পূৰ্বৰ নামটোৱেই বাহাল থাকে। কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকালৰ সময়সীমা, সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সময়, সদস্য অন্তৰ্ভুক্তি, সদস্যৰ মাচুল, পুজি সংগ্ৰহ, বেংক একাউণ্ট খোলা ইত্যাদি বিষয়ক আলোচনা ইয়াৰ ভিতৰত অন্যতম। 

    সভাৰ অন্তিম কাৰ্যক্ৰমণিকা হিচাপে কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। WLAAৰ প্ৰথম সভাপতি আৰু সম্পাদকৰূপে ক্ৰমে ড° জ্যোতিকা দেৱী আৰু ড° কংকনা বৈশ্যই  আন বিষয়ববীয়া সহিতে কাৰ্যভাৰ গ্ৰহণ কৰে।

    সভাৰ শেষত অন্য এক গুৰুত্বপূৰ্ণ বিষয়ৰ উপস্থাপনে যথেষ্ট চৰ্চা লাভ কৰে। WLAAই অসমৰ পুৰণি তথা অভিজ্ঞ পুথিভঁড়াল সংস্থা ‘অসম পুথিভঁড়াল সংঘ (Assam Library Association)’ৰ অধীনত বা ইয়াৰ এটা স্বাধীন বিভাগ (মহিলা বিভাগ) হিচাপে কাম কৰাৰ ওপৰত এই আলোচনা হয়। আলোচনাৰ অন্তত সকলোৱে ইয়াক এক আদৰণীয় পদক্ষেপ বুলি সমৰ্থন জনায়। অৱশ্যে এই ক্ষেত্ৰত ‘অসম পুথিভঁড়াল সংঘ’ৰ মঞ্জুৰি জৰুৰী হ’ব।

    সকলোৱে মিলিজুলি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ অন্তত WLAAৰ প্ৰথম সাধাৰণ সভাখনৰ সফল সামৰণি ঘটে।